Tweet
এক সুন্দৰ ভৱিষ্যতৰ গুৰিতে হ’ল প্ৰগতিশীল পৰিৱৰ্ত্তন আৰু সমাজৰ প্ৰগতিৰ মাপকাঠি হ’ল নৱপ্ৰজন্মৰ গুণসমপন্ন শিক্ষা । এই দুয়ো ক্ষেত্ৰতে আজিৰ যুগৰ সৰ্ব্বোত্তম উদ্ভাৱন হ’ল “ইণ্টাৰনেট”।
কিন্তু এই ইণ্টাৰনেট আজি এমুঠি পূজিঁপতিৰ স্বাৰ্থৰ বলি হোৱাৰ পথত। তাৰ লগতে আপোনাৰ আৰু আপোনাৰ সন্তানৰ বিকশিত ভৱিষ্যত আজি ইণ্টাৰনেটৰ ব্যৱসায়ত ধুষৰ হোৱাৰ পথত। এই সন্দৰ্ভতে আহি পৰে বৰ্ত্তমানে বহুচৰ্চিত “নেট নিউট্ৰেলিতি”ৰ উপস্থাপন।

-- নেট নিউট্ৰেলিতি নো কি?
নেট নিউট্ৰেলিতিয়ে যি কোনো ইণ্টাৰনেট ছাৰ্ভিচ প্ৰদানকাৰীৰ দ্বাৰা কোনো বিভেদ নকৰাকৈ সকলো ধৰণৰ লেখনি বা তথ্য সমান্তৰাল আৰু পাৰ্থক্যবিহীন ভাবে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে পাব পৰা (কৰাটো)কে বুজাই ।

-- সমান্তৰাল আৰু পাৰ্থক্যবিহীন তথ্য বিতৰণ মানে কি?