Net Neutrality in Assamese: “নেট নিউট্ৰেলিতি আৰু আপোনাৰ ভৱিষ্যত” Social Media Simplify Net Neutrality in Assamese: “নেট নিউট্ৰেলিতি আৰু আপোনাৰ ভৱিষ্যত” Social Media Simplify

12 April, 2015

Net Neutrality in Assamese: “নেট নিউট্ৰেলিতি আৰু আপোনাৰ ভৱিষ্যত”




এক সুন্দৰ ভৱিষ্যতৰ গুৰিতে হ’ল প্ৰগতিশীল পৰিৱৰ্ত্তন আৰু সমাজৰ প্ৰগতিৰ মাপকাঠি হ’ল নৱপ্ৰজন্মৰ গুণসমপন্ন শিক্ষা । এই দুয়ো ক্ষেত্ৰতে আজিৰ যুগৰ সৰ্ব্বোত্তম উদ্ভাৱন হ’ল “ইণ্টাৰনেট”।

কিন্তু এই ইণ্টাৰনেট আজি এমুঠি পূজিঁপতিৰ স্বাৰ্থৰ বলি হোৱাৰ পথত। তাৰ লগতে আপোনাৰ আৰু আপোনাৰ সন্তানৰ বিকশিত ভৱিষ্যত আজি ইণ্টাৰনেটৰ ব্যৱসায়ত ধুষৰ হোৱাৰ পথত। এই সন্দৰ্ভতে আহি পৰে বৰ্ত্তমানে বহুচৰ্চিত “নেট নিউট্ৰেলিতি”ৰ উপস্থাপন।
Img Source: Freepress

-- নেট নিউট্ৰেলিতি নো কি?

নেট নিউট্ৰেলিতিয়ে যি কোনো ইণ্টাৰনেট ছাৰ্ভিচ প্ৰদানকাৰীৰ দ্বাৰা কোনো বিভেদ নকৰাকৈ সকলো ধৰণৰ লেখনি বা তথ্য সমান্তৰাল আৰু পাৰ্থক্যবিহীন ভাবে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে পাব পৰা (কৰাটো)কে বুজাই ।

-- সমান্তৰাল আৰু পাৰ্থক্যবিহীন তথ্য বিতৰণ মানে কি?
যেতিয়া আপুনি আপোনাৰ ম'বাইলত কোনো নেট পেক ভৰাই (বা ব্ৰ'ডবেণ্ডৰ মাহেকীয়া বিল দিয়ে), তেতিয়া আপুনি খৰছ কৰা টকাৰ বিনিময়ত/বাবদ এক নিৰ্দ্ধাৰিত পৰিমাণৰ তথ্য (ডাটা) আহৰণ কৰাৰ অধিকাৰ লাভ কৰে। ধৰি লওক আপুনি আপোনাৰ ম'বাইলত এটা আঠ টকীয়া নেট পেক ভৰাইছে; যিটোৰ বিনিময়ত আপোনি এশ মেগা বাইট ডাটা বা তথ্য আহৰণৰ অধিকাৰ পাইছে । এতিয়া সেই এশ এম্. বি ডাটা আপোনি কি ধৰণেৰে খৰছ কৰে সেইটো সম্পূৰ্ণ আপোনাৰ নিজা ব্যক্তিগত কথা বা অধিকাৰ । এই ক্ষেত্ৰত আপোনাৰ ম'বাইল কোম্পানীয়ে আপোনাক কোনো ধৰণৰ বাধা আৰোপ কৰিব নোৱাৰে বা তেওঁলোকে আপোনাক কেৱল তেওঁলোকৰ দ্বাৰা নিৰ্দ্ধাৰিত ৱেবছাইট হে ব্যৱহাৰ কৰিবলৈ বাধ্য কৰিব নোৱাৰে । যদিহে কৰে, তেন্তে ই হ'ব এক অসমান্তৰাল আৰু বিভেদযুক্ত তথ্যৰ বিতৰণ ।

তাৰোপৰি, ইণ্টাৰনেট চাৰ্ভিছ প্ৰদানকাৰীয়ে যদি বেলেগ বেলেগ ৱেবছাইট খুলি তথ্য আহৰণ কৰাৰ বাবদ আপোনাৰ পৰা ভিন্ন মাছুল আদায় কৰে, তেন্তে সেই প্ৰক্ৰিয়াও হ'ব এক অসমান্তৰাল আৰু বিভেদযুক্ত তথ্যৰ বিতৰণ।

-- ইণ্টাৰনেটৰ অসমান্তৰাল আৰু বিভেদযুক্ত তথ্য বিতৰণে আমাৰ কি ক্ষতি সাধন কৰিব পাৰে?
ধৰা হওক আপুনি সাত টকা খৰছ কৰি এখন বাতৰি কাকত কিনিলে । তাৰ অৰ্থ হ'ল যে সেই সাত টকাৰে আপুনি সম্পূৰ্ণ কাকতখনত থকা তথ্য আহৰণ কৰাৰ অধিকাৰ লভিলে । এতিয়া যদি আপুনি এটা খবৰ সম্পূৰ্ণ ৰূপে পঢ়িবলৈ বা যি কোনো এটা শিতানৰ পৰা সম্পূৰ্ণ তথ্য আহৰণ কৰিবলৈ লওতে কাকত খনে আপোনাৰ পৰা আৰু তিনি বা চাৰি টকা সেই খবৰটোৰ বাবদ বেছিকৈ বিচাৰে, তেন্তে কি হব বাৰু? সাধাৰণ ভাষাত এই কাৰ্য্যই প্ৰথমতে সেই বাতৰি কাকতখনৰ স্ব্ত্তাধিকাৰীক হয়তো আৰু অৰ্থ (টকা) ঘটাত সহায় কৰিব, আৰু দ্বিতীয়তে সৰ্ব্বসাধাৰণ ৰাইজে উপায়বিহীন হৈ অনাৰ্থক ধন ভাঙিবলৈ বাধ্য হ'ব।

এতিয়া নেট নিউট্ৰেলিতিৰ বিস্তাৰিত অৰ্থটো বুজিবলৈ ধৰি লওক যে ওপৰৰ উদাহৰণৰ বাতৰি কাকত খন আপুনি ব্যৱহাৰ কৰি থকা ইণ্টাৰনেট, আৰু আপুনি খুলি চোৱা ৱেবছাইটবিলাক একোটা খবৰ । এতিয়া যদি ট্ৰেই (TRAI) য়ে নেট নিউট্ৰেলিতিক মান্যতা নিদি ইণ্টাৰনেট ছাৰ্ভিচ প্ৰদানকাৰী সকলক তেওঁলোকৰ ইচ্ছা অনুসৰি ব্যৱহাৰ আৰু খৰছৰ নিৰিখ অসমান্তৰাল আৰু বিভেদপূৰ্ণ ভাৱে আগবঢ়াই নিবলৈ দিয়ে, বিমোৰত পৰিব লাগিব আপোনাৰ আৰু মোৰ দৰে সাধাৰণ ৰাইজ। গতিকে,আপুনি অযথা টকা খৰছ কৰিব নে ইয়াক ত্যাগ কৰিব??

মন কৰিবলগীয়া বিষয় যে, যদিও আপুনি তেনে এখন বাতৰি কাকত ত্যাগ কৰিব পাৰে, ইণ্টাৰনেট কিন্তু ত্যাগ কৰাৰ প্ৰশ্নই নুঠে । কাৰণ ইণ্টাৰনেট হৈ পৰিছে আজিৰ দিনৰ প্ৰগতিৰ ছাবি কাঠি । ইয়াৰ অবিহনে পৃথিৱীৰ লগত খোজ মিলাই চলাটো দূৰৰে কথা, আমি নিজৰ জাতীয় সভ্যতা সংস্কৃতিকো পিছৰ ছামৰ বাবে ৰাখি থৈ যোৱাটো অসম্ভৱ হ'ব। গতিকে ইণ্টাৰনেট আৰু ইণ্টাৰনেটৰ সমান্তৰাল আৰু বিভেদমূক্ত বিতৰণৰ বা নেট নিউট্ৰেলিতিৰ অত্যন্তই প্ৰয়োজনীয়।

হযতো আমাৰ অসমীয়া সমাজত আমি এতিয়াও নেট নিউট্ৰেলিতিৰ প্ৰকৃত প্ৰতিচ্ছবি খন বুজি উঠাগৈ নাই, কিন্তু ইয়াৰ অৰ্থ এইটো মুঠেও নহয় যে অসমীয়া সমাজখনে একো পদক্ষেপ গ্ৰহণ নকৰিব। ইণ্টাৰনেটৰ সমান্তৰাল আৰু পাৰ্থক্য বিহীন বিতৰণ (নেট নিউট্ৰেলিতি) আপোনাৰ আৰু ভৱিষ্যত প্ৰজন্মৰ অধিকাৰ । ইয়াক পূজিঁপতিৰ হাতৰ পুতলা হবলৈ নিদিব।

---------------------------------------------------------------------------------------------
সদ্যহতে TRAI - Telecom Regulatory Authority of India য়ে এই বিষয়ত ৰাইজৰ মতামত বিছাৰি এক বিজ্ঞপ্তি জাৰী কৰিছে । আৰু এই মতামত প্ৰেৰণৰ বাবে TRAI য়ে সময়সীমা দিছে অহা ২৪ (24) এপ্ৰিললৈকে । মতামত প্ৰেৰণৰ বাবে TRAI য়ে কাৰণ দৰ্শাই মতামত ই-মেইল যোগে প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰিছে।

গতিকে ৰাইজে নিজৰ মতামত advqos@trai.gov.in ত ই-মেইল যোগে প্ৰেৰণ কৰি সমাজৰ আৰু দেশৰ এক সুনিশ্চিত ভৱিষ্যতত অংশীদাৰ হ'ব পাৰে ।

যুক্তি দৰ্শাবলৈ যদি সময়ৰ অসুবিধা হয়, ৰাইজে এই লিংকটো ব্যৱহাৰ কৰিব পাৰে http://www.savetheinternet.in/ ইয়াত সম্পূৰ্ণ কুৰিটা প্ৰশ্নৰে সাম্যক আৰু সঠিক উত্তৰ সন্নিবিষ্ট কৰা হৈছে । আপোনি মাঁথো লিংকটো খুলি 'Send Your Response'ত ক্লিক কৰিলেই হ'ব। 



0 comments:

Post a Comment

Please avoid posting SEO links in comments. They are more likely to be removed unless and untill being accompanied by a text delivering some real value. No hard feelings, this is an Ad Free Blog. Thank You!